আঘাতপ্ৰাপ্ত বিৰাট কোহলী, দ্বিতীয় টেষ্টত অধিনায়কৰ ভাৰ ল'লে ৰাহুলে ! দক্ষিণ আফ্ৰিকাত খেলিবলৈ নাপাব শততম টেষ্ট

 


পিঠিৰ আঘাতৰ বাবে বিৰাট কোহলীয়ে (Virat Kohli) ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) টেষ্ট শৃংখলাত দ্বিতীয়খন টেষ্ট খেলিব নোৱাৰিলে৷ ৱাণ্ডাৰৰ্ছত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত কে এল ৰাহুলে (KL Rahul) বিৰাট কোহলীৰ স্থানত অধিনায়ক হয়৷ দিনটোত খেলপথাৰলৈ যোৱাৰ পূৰ্বে বিৰাট কোহলীক দলৰ সতীৰ্থসকলৰ বাবে হাঁহি আৰু হাত জোকাৰি থকা দেখুৱাইছিল৷ আঘাতৰ বাবে কোহলীয়ে খেলিব নোৱাৰাত বিৰাট কোহলীৰ ১০০ তম টেষ্ট মেচ পিছুৱাই গ'ল (Virat Kohli's 100 Test)।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত বিৰাট কোহলীৰ ঠাইত কে এল ৰাহুলে টছকৰিবলৈ ওলাই আহিছিল। তেওঁ কয়, "দুৰ্ভাগ্যবশতঃ বিৰাটৰ পিঠিৰ ওপৰৰ আঘাত আছে, ফিজিঅ'ই কাম কৰি আছে, আশা কৰোঁ তেওঁ পৰৱৰ্তী টেষ্টৰ আগত ভাল হৈ উঠিব।" অধিনায়ক কে এল ৰাহুলে আজিৰ দিনটোত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত টছত জয়ী হয় আৰু বেটিং কৰাৰ সিদ্ধান্ত লয়।


Post a Comment

0 Comments