কোৰোনাত আক্ৰান্ত শিৱসাগৰ জিলা উপায়ুক্ত মেঘনিধি দহাল


 ৰাজ্যত পুনৰ ভয়াবহ হোৱাৰ দিশে কোভিড সংক্ৰমণ। বিশেষজ্ঞ সকলে কোৰোনাৰ তৃতীয় ঢৌক লৈ আশংকা ব্যক্ত কৰিছে।

কেন্দ্ৰীয় আৰু আন ৰাজ্য চৰকাৰৰ সমূহৰ দৰে অসম চৰকাৰেও কোভিড প্ৰতিৰোধৰ বাবে সতৰ্কতা জাৰি কৰিছে। পুনৰ এবাৰ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।

ইফালে ৰাজ্যত বৃদ্ধি পোৱা কোভিড আতংকৰ মাজতে এইবাৰ কোৰোনাত আক্ৰান্ত হল শিৱসাগৰ জিলা উপায়ুক্ত মেঘনিধি দহাল। 

দেওবাৰে স্বাস্থ্য পৰীক্ষাত উপায়ুক্তগৰাকীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে।

আনহাতে উপায়ুক্ত গৰাকীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছত তেওঁৰ পৰিয়ালৰ আন সদস্য সকলোৰো কোভিড পৰীক্ষা কৰা হয়। এই পৰীক্ষাত তেওঁৰ পত্নী আৰু ভাতৃৰ দেহতো সংক্ৰমণ ধৰা পৰে।

 

Post a Comment

0 Comments