মৃত্যু এক চিৰন্তন সত্য বিষয়। মৃত্যুৰ পিছত এজন ব্যক্তিক সন্মান সহকাৰে সমাধিস্থ বা দাহ কৰাটো সকলো ধৰ্মৰে পৰম্পৰা।
হিন্দু পৰম্পৰাত এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ সৎকাৰ বা দাহ-কৰ্মৰ দায়িত্ব পালন কৰিব লাগে পুত্ৰই। কিন্তু পুত্ৰই যেতিয়া নিজৰ পিতৃ-মাতৃৰ অন্তিম শয়নত কৰণীয় দায়িত্বৰ প্ৰতি পিঠি দিয়ে, তেতিয়া…?
উড়িশাৰ পুৰিত তেনে এক ঘটনাই পোহৰলৈ আহিছে, যি ঘটনাই আকৌ এবাৰ ফুটাই তুলিছে আধুনিক সমাজৰ এখন বেদনাদায়ক ছবি।
দুই পুত্ৰ থকা স্বত্বেও মৃত্যুৰ পিছত এগৰাকী মাতৃক শ্মশানলৈ লৈ যাব লগা চাৰি কন্যাই।
জানিব পৰা মতে, দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল পুৰীৰ মংগলাঘাটৰ জাতি নায়ক নামৰ মহিলাগৰাকীয়ে। মহিলাগৰাকী ২ জন পুত্ৰ আৰু ৪ গৰাকী কন্যা সন্তানৰ মাতৃ।
জীয়াই থাকোতে উঠোতে বহোঁতে কেৱল নিজ সন্তান কেইটাৰ চিন্তা কৰা এই গৰাকী
মহিলাৰ মৃত্যুৰ পিছত শেষকৃত্যৰ দায়িত্ব পালন কৰিবলৈ অস্বীকাৰ কৰে দুই
পুত্ৰই।
0 Comments