ৰে’লপথ পালেই ৰে’লৰ ৰূপ ধৰিব বাছে! বিশ্বৰ প্ৰথম ডুৱেল মােড বাহন মুকলি


 ৰাস্তাৰ ঠিক বাছৰ দৰেই চলিব, কিন্তু ৰে’লপথ পোৱাৰ লগে লগে ৰূপান্তৰিত হ’ব ৰে’ললৈ। অৰ্থাৎ এখন বানেই দুটা ৰূপ ধৰি চলি যাব গন্তব্যস্থানলৈ।

জাপানৰ কাইয়ো চহৰত ৰাজহুৱা ভাৱে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে এখন বিশেষ বাহন।

প্ৰযুক্তিগত দিশত বিশ্বৰ ভিতৰতে উন্নত জাপানৰ এই বিশেষ বাহনখন হৈছে “ডুৱেল মোড ভেহিকল” (ডিএমভি)।

ৰাজপথৰ সমান্তৰালভাৱে ৰেলপথতো চলিব পৰা ডিএমভি বাহনখন বৃদ্ধ আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে যথেষ্ট সহায়ক হব বুলি দাবী কৰিছে ডিএমভি পৰিচালনা কৰা আছা কোষ্ট ৰেলৱে কোম্পানীয়ে।

এই মিনিবাছ সদৃশ বাহনখনে ৰাজপথত ৰৱৰৰ টায়াৰৰে ঘণ্টাত এশ কিলোমিটাৰ গতিৰে চলিব পাৰে। আনহাতে ৰে’লপথত উপস্থিত হোৱাৰ লগে লগে বাহনখনৰ তল অংশৰ পৰা লোহাৰ চকা বাহিৰলৈ ওলাই আহে ৰে’লৰ দৰে ঘণ্টাত ৬০ কিলোমিটাৰ সৰ্বাধিক গতিৰে চলিবলৈ সক্ষম হয়। বাহনখনেৰে এটা সময়ত ২১গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।

Post a Comment

0 Comments