চলিত বৰ্ষতে ২২ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব, ৩১ মাৰ্চৰ ভিতৰত শেষ হ’ব নিযুক্তি প্ৰক্ৰিয়াঃ শিক্ষামন্ত্ৰী

 


ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূ্ৰ্ণ ঘোষণা।চলিত বৰ্ষতে  নিযুক্তি দিয়া হ’ব ২২ হাজাৰ শিক্ষকক, ৩১ মাৰ্চৰ ভিতৰত শেষ হ’ব নিযুক্তি প্ৰক্ৰিয়া।

মঙলবাৰে দিছপুৰৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত পঠন অভিযান আৰম্ভ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু, ভেৰিফিকেশ্বনৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব’। 

ইফালে, টেট নিযুক্তিতো কোনো ধৰণৰ বিসংগতি হোৱা নাই বুলি শিক্ষামন্ত্ৰী প্ৰকাশ কৰে।অৱশ্যে যিসকলে এই অভিযোগ কৰিছে তেওঁলোকৰ অভিযোগৰ ভিত্তিত এখন কমিটি গঠন কৰি এসপ্তাহৰ ভিতৰত পৰীক্ষা বহীসমূহ পুনৰীক্ষণৰ লগতে পৰিৱৰ্তি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়।

আনহাতে ক’ভিডৰ বাবে  বিদ্যালয় বন্ধ হোৱাৰ সম্ভাৱনাকো নাকচ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। 

Post a Comment

0 Comments