অমিক্ৰনৰ ৰিপ’ৰ্ট নিগেটিভ! হাস্পতালৰ পৰা শীঘ্ৰে ঘৰলৈ উভতিব সৌৰভ গাংগুলী

 


হাস্পতালৰ পৰা ৰিলিজ পালে সৌৰভ গাংগুলীয়ে (Sourav Ganguly)। অমিক্ৰনত আক্ৰান্ত হোৱা গাংগুলীৰ ৰিপ’ৰ্ট শেহতীয়াকৈ নিগেটিভ আহিছে। নতুনকৈ জ্বৰ উঠা নাই গাংগুলীৰ, ঠিকেই আছে অক্সিজেনৰ মাত্ৰাও। বৰ্তমান গাংগুলীৰ সকলো ঠিকেই আছে বুলি জনাইছে চিকিৎসকে। ঘৰলৈ উভতি গাংগুলীয়ে থাকিব লাগিব হোম আইছ’লেচনত।

জনা গৈছে, যে গাংগুলীক এণ্টিবডী ককটেইল জিয়া হৈছিল, আৰু সি বহু কাম কৰিছে বহুলি মন্তব্য চিকিৎসকৰ। বৃহস্পতিবাৰেই গাংগুলীৰ স্বাস্থ্যৰ উন্নতি ঘটিছিল। চৰ্দি, নাক বন্ধ এইবোৰ একো নাই বৰ্তমান। অক্সিজেনৰ মাত্ৰাও ঠিকে আছে। অৱশ্যে ঘৰলৈ উভতাৰ পিছতো সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে চিকিৎসকে। সময়মতে খোৱা আৰু ঘৰৰ বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিছে চিকিৎসকে।

লগতে সময়মতে ভিটামিন আৰু স্কিন থেৰাপি চলিব গাংগুলীৰ। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অক্সিজেন, ব্লাড প্ৰেছাৰ আদি পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিছে চিকিৎসকে। এই সময়ত তেওঁক প্ৰটিনসমৃদ্ধ খাদ্য খাবলৈ দিয়া হৈছে।

Post a Comment

0 Comments