২৫৭ কোটি টকা, ২৫ কেজি সোণ, ২৫০ কেজি ৰূপ আৰু ৩০০ পাত ছাবি উদ্ধাৰ ব্যৱসায়ীৰ ঘৰৰ পৰা, ঘৰতে ৰাখিছিল টকা গনা মেচিন


 ৰদেশৰ ব্যৱসায়ী পীয়ূষ জৈন (Piyush Jain)ৰ ঘৰৰ পৰা আয়কৰ বিভাগে জব্দ কৰিছে ২৫৭ কোটি (Rs 257 Crores) টকা। জৈনৰ ঘৰত Directorate General of GST Intelligence (DGGI)ৰ এই তালাচীৰ পৰা ইমান টকা আৰু মূল্যৱান সামগ্ৰী জব্দ কৰা হৈছে যে ভাৰতৰ ইতিহাসতে ছাগে এইটো সৰ্ববৃহৎ তালাচীৰূপে পৰিগণিত হ'ব। শনিবাৰে পুৱতী নিশাৰ পৰা তথাকথিত আতৰ ব্যৱসায়ীজনৰ ঘৰত তালাচী চলাইছিল GST Intelligenceৰ দলে। দুটা আলমাৰীত থোৱা অৱস্থাত উদ্ধাৰ হৈছিল টকাৰ দ'ম।

১৯টা টকা গণনা কৰা মেচিন লৈ DGGIৰ বিভাগৰ লোকে প্ৰায় ৪০ ঘণ্টাৰ অধিক সময় টকা গণনা কৰিব লগা হৈছিল। অৱশেষত পীয়ূষ জৈনৰ ঘৰত ২৫৭ কোটি টকা জব্দ কৰিবলৈ সক্ষম হয় GST বিভাগে। কানপুৰৰ ঘৰৰ পৰা ১৭৭ কোটি টকা, কনৌজৰ ঘৰৰ পৰা ১০৭ কোটি টকা আৰু আহমেদাবাদৰ ফেক্টৰী আৰু ঘৰৰ পৰা ১০ কোটি টকা জব্দ কৰিবলৈ সক্ষম হয় DGGIয়ে। ব্যৱসায়ী পীয়ূষ জৈনৰ ইমানেই টকা যে নিজৰ ঘৰতে টকা গণনা কৰা মেচিন ৰাখি লৈছিল।

কেৱল টকাই নহয় কানপুৰৰ এইজন ব্যৱসায়ীৰ ঘৰত GST বিভাগে জব্দ কৰিছে বৃহৎ পৰিমাণৰ সোণ-ৰূপ। জৈনৰ কনৌজৰ ঘৰৰ পৰা ২৫ কেজি সোণ জব্দ কৰা বুলিও জানিব পৰা গৈছে। ৰূপ জব্দ কৰিছে ২৫০ কেজি। ২০০০ টকীয়া নোটৰে ভৰি থকা কেইবাটাও বাকচ উদ্ধাৰ কৰিছে GST বিভাগে। লগতে উদ্ধাৰ কৰিছে ৯ ড্ৰাম চন্দন তেল।

সূত্ৰই জনোৱা মতে ব্যৱসায়ী পীয়ূষ জৈনৰ মুঠ ৪০ টা কোম্পানী আছে আৰু ইয়াৰে দুটা কোম্পানী মধ্য প্ৰাচ্যত আছে বুলি জানিব পৰা গৈছে।

আচৰিত ধৰণে ব্যৱসায়ী জৈনৰ ৪টা ঘৰৰ পৰা ৩০০ পাত ছাবি উদ্ধাৰ কৰা হৈছে। খবৰ মতে কেইবাটাও তলা খুলিব পৰা নাছিল আৰু সেইবাবে তলা-ছাবি বনোৱা কোম্পানীৰ লোক মাতি আনিবলগীয়া হৈছিল।

Post a Comment

0 Comments