পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘বচপন কা প্যাৰ’ খ্যাত সহদেৱ দিৰদো

 


পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ‘বচপন কা প্যাৰ’ গীতেৰে লাখ লাখ ভাৰতীয়ৰ বুকুত ঠাই দখল কৰা সহদেৱ দিৰদো।

ছত্তীশগড়ৰ চুকমা জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত মূৰত গুৰুতৰ আঘাত পায় সহদেৱে। তেওঁক বৰ্তমান জগদলপুৰৰ ডিম্ৰাপাল চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

জানিব পৰা মতে, সহদেৱে তেওঁৰ বন্ধুৰ সৈতে বাইকেৰে ছবৰী নগৰ অভিমুখে গৈ আছিল। বাইকখন চলাইছিল তেওঁৰ বন্ধুজনে। কিন্তু পথৰ ওপৰত বালি আৰু শিল পৰি থকাত বাইকখন অনিয়ন্ত্ৰিত হৈ বাগৰি পৰে।

দুৰ্ঘটনাত সহদেৱে মূৰত গুৰুতৰ আঘাত পায়। আনহাতে বাইক চলাই থকা তেওঁৰ বন্ধুজনো আহত হয় যদিও আঘাত গুৰুতৰ নহয়।

ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে সহদেৱক প্ৰথমে জিলা প্ৰাথমিক চিকিত্সালয়লৈ লৈ যায়। তাৰ পিছত ডিম্ৰাপাল চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে সহদেৱৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ভূপেশ বঘেলে চুকমা জিলা বিষয়াৰ সৈতে কথা পাতে আৰু সহদেৱৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। বলিউডৰ গায়ক বাদশ্বাহেও সহদেৱৰ পৰিয়ালৰ সৈতে ফোনযোগে কথা পাতি সহায়ৰ আশ্বাস প্ৰদান কৰিছে।

উল্লেখ্য যে, “বচপন কা প্যাৰ” গীতটো গাই সহদেৱে এৰাতিৰ ভিতৰতে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছিল।

মুখ্যমন্ত্ৰী ভূপেশ বঘেলে নিজেই সহদেৱক প্ৰশংসা কৰাৰ লগতে পৰৱৰ্তী সময়ত ৰেপাৰ বাদশ্বাহৰ সৈতে গীতত কণ্ঠদান কৰাৰো সুযোগ পাইছিল সহদেৱ দিৰদোৱে।

 

 

Post a Comment

0 Comments