পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিং কৰিলেনে? জুন মাহেই শেষ সীমা, অন্যথা ভৰিব লগা হ'ব পাৰে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা


 যদি আপুনি এতিয়াও নিজৰ পেন কাৰ্ডৰ আধাৰৰ সৈতে লিংক কৰা নাই তেন্তে শীঘ্ৰে সম্পন্ন কৰি লওক এই কাম। পেন-আধাৰ লিংকৰ অন্তিম সময়সীমা হৈছে ৩০ জুন ২০২২। এই সময়সীমাৰ ভিতৰত আপুনি এইকাম সম্পন্ন নকৰিলে আপোনাৰ বেংকিং সেৱা বন্ধ হৈ পৰিব পাৰে। কিন্তু এতিয়াও আপুনি আধাৰ পেন লিংত কৰিলে ৫০০ টকা জৰিমনা ভৰিব লাগিব।

যদি পেন-আধাৰ কাৰ্ড লিংক কৰা নহয় তেন্তে সমস্যাটো ইয়াতে শেষ নহয়। যদি আপুনি ৩০ জুনৰ ভিতৰত এনে নকৰে আপোনাৰ পেন কাৰ্ডখন ডিএক্টিভ কৰিব পাৰে। যাৰ ফলত আপোনাৰ বাবে মিউচুৱেল ফাণ্ড আৰু ষ্টকত বিনিয়োগ কৰাৰ লগতে বেংক একাউণ্ট খোলাটো কঠিন হৈ পৰিব। আধাৰৰ সৈতে পেন কাৰ্ড সংযোগ নকৰিলে আপুনি ১০ হাজাৰ টকাৰ জৰিমনাও সন্মুখীন হ'ব পাৰে।

৩০ জুনৰ পিছত যদি কোনো ব্যক্তিয়ে যদি ইনভেলিড পেন কাৰ্ড দাখিল কৰে তেন্তে ইনকাম টেক্স এক্ট-১৯৬১ৰ চেকশ্যন ২৭২ এন-ৰ অধীনত লোকজনক ১০,০০০ টকা জৰিমনাৰ সন্মুখীন হ'ব পাৰে। লগতে, পেন কাৰ্ড অবিহনে, আপুনি বৃহৎ পৰিমাণৰ ধন উলিয়াব নোৱাৰিব।

এনেদৰে চেক কৰিব পাৰে ষ্টেটাচঃ

যদি আপুনি আপোনাৰ পেন কাৰ্ডখন আধাৰৰ সৈতে লিংক কৰিছে তেন্তে আপুনি বৰ্তমান ষ্টেটাচ চেক কৰিব পাৰে। www.incometaxindiaefiling.gov.in আয়কৰ বিভাগৰ অফিচিয়েল ৱেবছাইট অৰ্থাৎ এতিয়া https://www.incometax.gov.in/iec/foportal নতুন ৱেবছাইটলৈ যাওক।

Post a Comment

0 Comments