লখিমপুৰত পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুই ড্ৰাগছ সৰবৰাহকাৰী


 লখিমপুৰত পুনৰ এনকাউণ্টাৰ৷ দুই ড্ৰাগছ বেপাৰীক ভৰিত গুলীয়ালে লখিমপুৰ আৰক্ষীয়ে৷ নিশা প্ৰায় দুই বজাত এই ঘটনা সংঘটিত হয়৷ আৰক্ষী সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ’ইনসহ আটক কৰিছিল দুটা সৰবৰাহকাৰীক৷ সৰবৰাহকাৰী দুটাৰ ঘৰ নগাঁৱত৷

আটকাধীন জাকিৰ হুছেইন, আব্দুল জব্বৰ আৰু গাড়ী চালক জাহেদ আলীক লৈ নিশাৰ ভাগত বিশেষ অভিযান চলাই থাকোতেই পলায়নৰ চেষ্টা কৰে জাকিৰ হুছেইন আৰু জাহেদ আলীয়ে। ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। সম্প্ৰতি দুয়ো লখিমপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। বান্দৰদেৱাৰ বুধবৰীয়া বজাৰত সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা৷

Post a Comment

0 Comments