কংগ্ৰেছ দলক উদ্ধাৰৰ সঞ্জীৱনীঃ গান্ধী পৰিয়ালৰ বাহিৰৰ লোকক সভাপতিৰ দায়িত্ব দিয়াৰ পোষকতা, ৰাহুল গান্ধীলৈয়ো বিশেষ দায়িত্ব

 


৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিপৰ্যয়ৰ পিছত কংগ্ৰেছ দলত দেখা দিয়া নেতৃত্বৰ সংঘাত চৰম পৰ্যায়ত উপনীত হোৱাৰ সময়তে দলটোৰ আমূল পৰিবৰ্তন বিচৰা গোটটোৰ অন্যতম নেতা গোলাম নবী আজাদে চিন্তা কৰি উলিয়াইছে এক নতুন ফৰ্মূলা। তেওঁ ৰাহুল গান্ধীক লোকসভাত কংগ্ৰেছ দলৰ নেতাৰ দায়িত্ব প্রদান কৰি দলটোৰ সভাপতিৰ দায়িত্ব গান্ধী পৰিয়ালৰ বাহিৰৰ এজনক দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱ লৈ তেওঁ ইতিমধ্যে শুকুৰবাৰে নিশা ছোনিয়া গান্ধীকো সাক্ষাৎ কৰিছে।

উল্লেখযোগ্য যে, সেই একেটা প্ৰস্তাৱ লৈ জেষ্ঠ কংগ্ৰেছ নেতা ভুপিন্দৰ সিং হোডায়েও ৰাহুক গান্ধীক সাক্ষাৎ কৰিছিল। জেষ্ঠ কংগ্ৰেছ নেতা পি জে কুৰিয়েনে দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকক কয় - এই পৰ্যায়ৰ পৰা আগবঢ়াৰ এটা উপায় হৈছে ৰাহুল গান্ধীয়ে লোকসভাত দলৰ নেতাৰ দায়িত্ব লওক আৰু দলৰ মূৰব্বীৰ দায়িত্ব পৰিয়ালৰ বাহিৰৰ কাৰোবাক ন্যস্ত কৰা হওক।


Post a Comment

0 Comments