প্ৰিয়জনৰ সৈতে কৰক আলিংগন! আলিংগনে হ্ৰাস কৰে মানসিক চাপ, বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

 


যদি আপুনি প্ৰচণ্ড চাপত প্ৰিয়জনক আলিংগন কৰিব পাৰে তেন্তে ই আপোনাৰ স্বাস্থ্যতো ইতিবাচক প্ৰভাৱ পেলাব। ভেলেণ্টাইন সপ্তাহ ( Valentine's week 2022 ) উদযাপনৰ অংশ হিচাপে প্ৰতি বছৰে ১২ ফেব্ৰুৱাৰীত আলিংগন দিৱস (Hug Day2022) উদযাপন কৰা হয়।

কাৰোবাক আলিংগন কৰিলে আপুনি কেৱল আৰামদায়ক অনুভৱ কৰাই নহয়, ই বিশ্বাসো গঢ়ি তোলে। উষ্ণ আলিংগনে আপোনাক আনৰ সৈতে সম্পৰ্ক স্থাপন কৰাত সহায় কৰিব পাৰে।

  • আলিংগনে চাপ হৰমন কৰ্টিচোলৰ স্তৰ হ্ৰাস কৰে। ফলস্বৰূপে, চাপপূৰ্ণ পৰিস্থিতিতো ৰক্তচাপ আৰু হৃদস্পন্দনৰ হাৰ স্বাভাৱিক কৰি তোলে। যেতিয়া আপুনি আলিংগন কৰে তেতিয়া আপোনাৰ টোপনিও ভালদৰে আহে।

  •  আলিংগনে মগজুত অক্সিটচিন বা ভাল অনুভৱ কৰা ৰাসায়নিক পদাৰ্থৰ স্তৰ বৃদ্ধি কৰে যি আমাৰ মন উন্নত কৰে, মেজাজ সলনি কৰে আৰু মানসিক শান্তি প্ৰদান কৰে।

  • যেতিয়া আপুনি আলিংগন কৰে, আন জনৰ সৈতে সংযোগ কৰাটো অধিক সহজ হৈ পৰে।
    • আলিংগনে আপোনাক এনে অনুভৱ কৰাই যেন আমি সুৰক্ষিত, কোনোবাই আমাক ভাল পায় আৰু আমি অকলশৰীয়া নহয়।

    • আলিংগনে বিষ হ্ৰাস কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে আৰু শৰীৰৰ চাপ হ্ৰাস কৰে যাৰ ফলত পেশী ৰক্ষা হয়।

    • আলিংগনে লিম্ফোচাইট আৰু অন্যান্য ৰোগ প্ৰতিৰোধ কোষৰ স্তৰ বৃদ্ধি কৰে যি ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে।
     

 

Post a Comment

0 Comments