কামাখ্যা ৰে'ল ষ্টেচনত উদ্ধাৰ বৃহৎসংখ্যক বিৰল প্ৰজাতিৰ ২৩৫ টাকৈ কাছ, RPF-এ চলাইছিল তালাচী

 


গুৱাহাটী মহানগৰীত পোহৰলৈ আহিছে দুষ্প্ৰাপ্য প্ৰাণীৰ সৰবৰাহৰ এক ভয়ংকৰ ঘটনা। শনিবাৰে কামাখ্যা ৰে'ল ষ্টেচনত উদ্ধাৰ হ'ল বৃহৎ সংখ্যক বিৰল প্ৰজাতিৰ কাছ (rare species of turtles were recovered)।
জানিব পৰা মতে, ১৯৩০৫ নং উজনিমুৱা ইন্দোৰ-কামাখ্যা এক্সপ্ৰেছৰ দুটাকৈ দবাত উদ্ধাৰ হৈছে কাছখিনি। কামাখ্যা ৰে'ল সুৰক্ষা বাহিনীৰ (Railway Protection Force) উপ-পৰিদৰ্শক ভণিতা বৰ্মন তালুকদাৰ আৰু কনিষ্টবল নাৰায়ণ দাসে আন দিনাৰ দৰে শনিবাৰেও কামাখ্যা ষ্টেচনত চলাইছিল নিয়মীয়া তালাচী।

সেই তালাচীৰ সময়তেই তেওঁলোকে ষ্টেচনটোৰ (Kamakhya railway station) ৪নং প্লেটফৰ্মত ৰখাই ৰে'লখনৰ ১৯১৩২১ আৰু ২০১২৫৫ নম্বৰৰ দবা দুটাৰ ভিতৰত ১০ টা গৰাকীবিহীন বেগ প্ৰত্যক্ষ কৰে। তেওঁলোকে বেগকেইটাৰ ভিতৰত কি আছে সেইটো খুলি চোৱাত তাত জীৱিত অৱস্থাত থকা ২৩৫ টাকৈ কাছ উদ্ধাৰ হয়।

উল্লেখ্য যে উদ্ধাৰ হোৱা কাছখিনিৰ অধিকাংশই ভাৰতীয় ফ্লেপশ্বেল কাছ বুলি ইতিমধ্যে ৰে'ল সুৰক্ষা বাহিনীয়ে চিনাক্ত কৰিছে।  কিন্তু কোনে এই কাছভৰ্তি বেগকেইটা সৰবৰাহ কৰিছিল সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই। এই সংক্ৰান্তত ৰে'ল সুৰক্ষা বাহিনীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

ইফালে, উদ্ধাৰ হোৱা কাছখিনি ৰে'ল সুৰক্ষা বাহিনীৰ তৰফৰ পৰা পূব কামৰূপ বন খণ্ডৰ হাতত গতাই দিয়া হয়। বন বিভাগেও এই সন্দৰ্ভত বন্যপ্ৰাণী আইনৰ অধীনত নিজাববীয়াকৈ এক গোচৰ ৰুজো কৰিছে। লগতে কাছখিনিৰ চিকিৎসা আৰু পুনৰ্সংস্থাপনৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানালৈ (State Zoo) প্ৰেৰণ কৰিছে।

Post a Comment

0 Comments